Maa


হৃদয় চুই যোৱা এটা কাহিনী
এসময়ৰ কথা,এটা ল’ৰা জন্ম হ’বলৈ ওলাইছিল।
জন্মৰ কিছুসময় আগতে সি ভগৱানক সুধিলে: ”মই
ইমান সৰু, নিজে কোনো কামেই কৰিব নোৱাৰো,
পৃথিৱীত কেনেকে থাকিম , কৃপা কৰি মোক তোমাৰ
ওচৰতে থাকিবলে দিয়া ,মই ক’তো যাব নিবিছাৰো.”
ভগৱানে ক’লে , ”মোৰ এগৰাকী দেৱী আছে, তেও
তোমাৰ লালন-পালন কৰিব. “
“কিন্তু এটা কথা কোৱা, স্বর্গৰ দৰে সুখ তাত মই
পামনে.”
”সেই দেৱীৰ বাবে তোমাৰ গোটেই পৃথিৱীয়েই স্বর্গৰ
দৰে লাগিব.”
”আৰু যেতিয়া তাৰ মানুহে মোৰ লগত কথা পাতিব মই
তেওলোকৰ ভাষা বুজিম কেনেকৈ, মইতো তেওলোকৰ
ভাষা নাজানো?”
” তোমাৰ দেৱীগৰাকীয়ে তোমাক অতি মধুৰ আৰু
মৰমীয়াল ভাষা শিকাব, এনেকুৱা মধুৰ শব্দ শিকাব
যিবোৰ তুমি ইয়াতো শুনা নাই আৰু অত্যন্ত ধৈর্য্য
আৰু সাৱধানতাৰে তোমাক ডাঙৰ-দীঘল কৰিব .”
”আৰু যেতিয়া মই তোমাৰ লগত কথা পাতিব বিছাৰিম
তেতিয়া?”
”তোমাৰ দেৱীয়ে তোমাক প্রার্থনা কৰিবলে শিকাব,
তেনেদৰেই তুমি মোৰ লগত কথা পাতিব পাৰিবা .”
“মই শুনিছো পৃথিৱীত বোলে বহুত বেয়া প্রাণী থাকে.
সিঁহতৰ পৰা মোক কোনে বচাব ?”
”তোমাৰ দেৱীয়েই তোমাক বচাব,নিজৰ প্রাণ সংকটত
পেলাইও তোমাৰ প্রাণ বচাবলে চেষ্টা কৰিব.”
“কিন্তু মই সদায় তোমাক দেখা নোপোৱাৰ
বাবে দুখী হৈ থাকিব লাগিব.”
”তুমি চিন্তা নকৰিবা; তোমাৰ দেৱীয়ে প্রায়েই মোৰ
বিষয়ে তোমাৰ আগত ক’ব
আকৌ তুমি ইয়ালৈ কেনেকৈ উভতিব পাৰিবা তাৰ
বিষয়েও জনাব।”
সেইসময়ত স্বর্গত বহুত শান্তি আছিল ,
তেনেতে পৃথিৱীত কোনোবাই এটা বিশেষ শব্দ
কৰা শুনা গ’ল…. ল’ৰাটোৱে জানিলে যে তাৰ যাবৰ
সময় হ’ল, সি কান্দি কান্দি ক’লে,”হে ইশ্বৰ,
এতিয়াতো মই যাবলে ওলালো, কৃপা কৰি মোক সেই
মহান দেৱীগৰাকীৰ নামতো কোৱা?’
ভগৱানে ক’লে, ”সেই মহান দেৱীৰ নামৰ কোনো মহত্ব
নাই, মাত্র জানি থোৱা তুমি তেওক “মা” বুলি সম্বোধন
কৰিবা.”।

Comments

Popular posts from this blog

ফুটবল

গৰুৰ বিষয়ে ৰচনা...

মহৎ লোকৰ বানী