ফুটবল
ইংলেণ্ডহে ফুটবলৰ
জন্মস্থান । মতবিৰোধ থাকিলেও
এইটো সত্য যে ইংলেণ্ডেই হ'ল আধুনিক
ফুটবল খেলৰ জন্মদাতা । কাৰণ ইং ১৮৬৩
চনত বিশ্বৰ ভিতৰত প্ৰথমে ইংলেণ্ডত
আন্তর্জাতিক ফুটবল এছ'চিয়েচন গঠন হয় ।
ইংলেণ্ডত ত্ৰয়োদশ শতিকামানৰ পৰাই
এই খেলে জনপ্ৰিয়তা লাভ
কৰিবলৈ সমর্থ হয় । ঊনবিংশ শতিকাৰ
মাজভাগৰ পৰাহে ফুটবল খেলে আজিৰ
ৰূপ লাভ কৰে । তাৰ আগতে এই খেলক
ল'ৰা-ছোৱালীৰ খেল হিচাপে গণ্য
কৰি ইংলেণ্ডৰ পাব্লিক স্কুলবোৰত
খেলোৱা হৈছিল । শিক্ষাৰ ক্ষেত্ৰত
ফুটবলক কামত লগালে ছাত্ৰ-
ছাত্ৰীসকল সহযোগিতাৰ মনোভাৱ,
গোষ্ঠী আনুগত্য, সাহস, নেতৃত্ব দিয়াৰ
ক্ষমতা, নিয়ম-কানুনৰ
মাজেৰে প্ৰতিযোগিতা কৰাৰ আগ্ৰহ
আদি অনেক গুণৰ অধিকাৰী হ'ব
পাৰে । সেয়েহে খেলা-ধূলাক
স্কুলবোৰত বাধ্যতামূলক হিচাপে আৰম্ভ
কৰা হয় ।
ফুটবলৰ প্ৰথম গুৰূত্বপূর্ণ শিক্ষা কেন্দ্ৰ
আছিল শ্বেফিল্ড । ১৮৫৭ চনত
যেতিয়া শ্বেফিল্ডত নিয়ম-কানুন
প্ৰচলন হৈছিল তাত তেতিয়া মাত্ৰ
দুটাহে ফুটবলৰ ক্লাব আছিল । ১৮৬২ চনত
এই ক্লাবৰ সংখ্যা হয়গৈ ১৫টা । ১৮৬৩
চনত ইংলেণ্ডৰ কেইটামান ফুটবল ক্লাব
লগ লাগি ফুটবল এছ'চিয়েচন
গঢ়ি তোলে । পূর্বতে ফুটবলৰ নিয়মকানুন
আছিল অতি বিশৃংখল । কেতিয়াবা ই
ৰক্তক্ষয়ী যুদ্ধৰ ৰূপ পাইছিলগৈ ।
ইংৰাজসকলেই ইয়াক সংযত, আকর্ষণীয়
ৰূপত সজাই-পৰাই ইয়াৰ বিস্তাৰ,
প্ৰতিপালন আৰু প্ৰচাৰৰ দায়িত্ব লয় ।
পাচত ঢাপে ঢাপে ফুটবলৰ
নিয়মবোৰো সংশোধন কৰি সুনির্দিষ্ট
কৰা হয় । ১৮৬৩ চনত ইংলেণ্ডত
প্ৰতিষ্ঠা হোৱা 'ফুটবল
এছ'চিয়েচন' (Football Association)
চমুকৈ FA ৰ জৰিয়তে ফুটবলে অধিক
বিন্যস্ত ৰূপ পায় ।
প্ৰথম অৱস্থাত ফুটবল অপেছাদাৰী খেল
হৈ থাকিলেও ঊনবিংশ-বিংশ
শতিকাৰ সন্ধিক্ষণত ফুটবলত
পেছাদাৰী ৰীতি প্ৰৱর্তিত হয় ।
ইংলেণ্ডৰ নর্দার্ণ ইউনিয়নেই
প্ৰথমে ফুটবলত পেছাদাৰী প্ৰথাক
স্বীকৃতি দিয়ে । ইয়াৰ পাচত বিশ্বৰ
আন দেশতো ফুটবল সংস্থাবোৰ
স্থাপিত হয় । ১৯০৪ চনত আন্তর্জাতিক
ফুটবল সংস্থা 'ফিফা' ( FIFA হ'ল
ফৰাচী ভাষাৰ 'Federation Internationale
de Football Association' ৰ সংক্ষিপ্ত ৰূপ ।
ইংৰাজীৰ ভাষাৰ এই সংস্থাটোৰ
নাম হ'ল 'The International Federation of
Association Football' ) প্ৰতিষ্ঠা কৰা হয় ।
বর্তমান ফিফাই বিশ্বৰ দুই বৃহত্ ফুটবল
প্ৰতিযোগিতা বিশ্বকাপ ফুটবল আৰু
অলিম্পিক ফুটবল নিয়ন্ত্ৰণ কৰে ।
কিছুমান দেশত ফুটবলক ছ'কাৰ (Soccer)
বুলিও কোৱা হয় ।
• বিশ্বকাপ ফুটবলঃ
বর্তমান বিশ্বৰ প্ৰায়বোৰ দেশত ফুটবল
খেলৰ প্ৰচলন হৈছে । সেয়ে বিশ্বত
ইয়ে আটাইতকৈ জনপ্ৰিয় খেলৰ স্থান
লাভ কৰিছে । বিশ্বকাপ ফুটবলেই হ'ল
ফুটবল খেলৰ সর্বশ্ৰেষ্ঠ
প্ৰতিযোগিতা ।
বিশ্বৰ সর্বকালৰ সর্বশ্ৰেষ্ঠ ফুটবল সংগঠক
ফৰাচী দেশৰ জুলেৰিমে নামৰ লোক
এজনে ইং ১৯৩০ চনত
আগবঢ়োৱা এটা সোণৰ কাপৰ
জৰিয়তে সেই বছৰৰ পৰাই বিশ্বকাপ
ফুটবল প্ৰতিযোগিতাৰ সূচনা হৈছে ।
বিশ্বকাপ ফুটবল
পৰিচালনা সংস্থা FIFA ই আয়োজন
কৰা এই প্ৰতিযোগিতাত
দিয়া ট্ৰফীটোৰ নাম আছিল
'জুলে ৰিমে কাপ' ।
পাচে ব্ৰাজিলে তিনিবাৰ (১৯৫৮,
১৯৬২ আৰু ১৯৭০ চনত) এই
প্ৰতিযোগিতাত জয়লাভ
কৰি চিৰদিনৰ বাবে ১৯৭০ চনত
জুলে ৰিমে কাপটো হস্তগত কৰাত
'ফিফা বিশ্বকাপ' নামেৰে আন
এটা ট্ৰফী প্ৰচলন কৰা হয় । বর্তমান সেই
কাপটোকে কেন্দ্ৰ কৰি বিশ্বকাপ
ফুটবল প্ৰতিযোগিতা চলি আছে ।
বিশ্বকাপৰ
যোগ্যতা অর্জনকাৰী খেলসমূহত
বিভিন্ন অঞ্চল ভিত্তিত শতাধিক
দেশে ভাগ ল'লেও মূল
প্ৰতিযোগিতাত কেৱল ৩২ খন
দেশেহে অংশগ্ৰহণ কৰিব পাৰে ।
এতিয়ালৈকে ইউৰোপ আৰু লেটিন
আমেৰিকাৰ দেশসমূহে এই
প্ৰতিযোগিতাত প্ৰাধান্য বিস্তাৰ
কৰি আহিছে । ২০১০ চনত দক্ষিণ
আফ্ৰিকাত অনুষ্ঠিত বিশ্বকাপ ফুটবল
প্ৰতিযোগিতাত নেদাৰলেণ্ডক
হৰূৱাই স্পেইনে বিশ্বকাপ অর্জন কৰে ।
• বিশ্বকাপ ফুটবল___ কেতিয়া, ক'ত আৰু
কোন বিজয়ী হৈছিল ।
>>> চন - স্থান - বিজয়ী <<<
• ১৯৩০ - উৰূগুৱে - উৰূগুৱে ।
• ১৯৩৪ - ইটালী - ইটালী ।
• ১৯৩৮ - ফ্ৰান্স - ইটালী ।
• ১৯৫০ - ব্ৰাজিল - উৰূগুৱে ।
• ১৯৫৪ - ছুইজাৰলেণ্ড - পশ্চিম
জার্মানী ।
• ১৯৫৮ - ছুইডেন - ব্ৰাজিল ।
• ১৯৬২ - চিলি - ব্ৰাজিল ।
• ১৯৬৬ - ইংলেণ্ড - ইংলেণ্ড ।
• ১৯৭০ - মেক্সিকো - ব্ৰাজিল ।
• ১৯৭৪ - পশ্চিম জার্মানী - পশ্চিম
জার্মানী ।
• ১৯৭৮ - আর্জেণ্টিনা -
আর্জেণ্টিনা ।
• ১৯৮২ - স্পেইন - ইটালী ।
• ১৯৮৬ - মেক্সিকো - আর্জেণ্টিনা ।
• ১৯৯০ - ইটালী - পশ্চিম জার্মানী ।
• ১৯৯৪ - আমেৰিকা - ব্ৰাজিল ।
• ১৯৯৮ - ফ্ৰান্স - ফ্ৰান্স ।
• ২০০২ - জাপান, কোৰিয়া - ব্ৰাজিল
।
• ২০০৬ - জার্মানী - ইটালী ।
• ২০১০ - দক্ষিণ আফ্ৰিকা - স্পেইন ।
• ২০১৪ - ব্ৰাজিল - ......... ।
জন্মস্থান । মতবিৰোধ থাকিলেও
এইটো সত্য যে ইংলেণ্ডেই হ'ল আধুনিক
ফুটবল খেলৰ জন্মদাতা । কাৰণ ইং ১৮৬৩
চনত বিশ্বৰ ভিতৰত প্ৰথমে ইংলেণ্ডত
আন্তর্জাতিক ফুটবল এছ'চিয়েচন গঠন হয় ।
ইংলেণ্ডত ত্ৰয়োদশ শতিকামানৰ পৰাই
এই খেলে জনপ্ৰিয়তা লাভ
কৰিবলৈ সমর্থ হয় । ঊনবিংশ শতিকাৰ
মাজভাগৰ পৰাহে ফুটবল খেলে আজিৰ
ৰূপ লাভ কৰে । তাৰ আগতে এই খেলক
ল'ৰা-ছোৱালীৰ খেল হিচাপে গণ্য
কৰি ইংলেণ্ডৰ পাব্লিক স্কুলবোৰত
খেলোৱা হৈছিল । শিক্ষাৰ ক্ষেত্ৰত
ফুটবলক কামত লগালে ছাত্ৰ-
ছাত্ৰীসকল সহযোগিতাৰ মনোভাৱ,
গোষ্ঠী আনুগত্য, সাহস, নেতৃত্ব দিয়াৰ
ক্ষমতা, নিয়ম-কানুনৰ
মাজেৰে প্ৰতিযোগিতা কৰাৰ আগ্ৰহ
আদি অনেক গুণৰ অধিকাৰী হ'ব
পাৰে । সেয়েহে খেলা-ধূলাক
স্কুলবোৰত বাধ্যতামূলক হিচাপে আৰম্ভ
কৰা হয় ।
ফুটবলৰ প্ৰথম গুৰূত্বপূর্ণ শিক্ষা কেন্দ্ৰ
আছিল শ্বেফিল্ড । ১৮৫৭ চনত
যেতিয়া শ্বেফিল্ডত নিয়ম-কানুন
প্ৰচলন হৈছিল তাত তেতিয়া মাত্ৰ
দুটাহে ফুটবলৰ ক্লাব আছিল । ১৮৬২ চনত
এই ক্লাবৰ সংখ্যা হয়গৈ ১৫টা । ১৮৬৩
চনত ইংলেণ্ডৰ কেইটামান ফুটবল ক্লাব
লগ লাগি ফুটবল এছ'চিয়েচন
গঢ়ি তোলে । পূর্বতে ফুটবলৰ নিয়মকানুন
আছিল অতি বিশৃংখল । কেতিয়াবা ই
ৰক্তক্ষয়ী যুদ্ধৰ ৰূপ পাইছিলগৈ ।
ইংৰাজসকলেই ইয়াক সংযত, আকর্ষণীয়
ৰূপত সজাই-পৰাই ইয়াৰ বিস্তাৰ,
প্ৰতিপালন আৰু প্ৰচাৰৰ দায়িত্ব লয় ।
পাচত ঢাপে ঢাপে ফুটবলৰ
নিয়মবোৰো সংশোধন কৰি সুনির্দিষ্ট
কৰা হয় । ১৮৬৩ চনত ইংলেণ্ডত
প্ৰতিষ্ঠা হোৱা 'ফুটবল
এছ'চিয়েচন' (Football Association)
চমুকৈ FA ৰ জৰিয়তে ফুটবলে অধিক
বিন্যস্ত ৰূপ পায় ।
প্ৰথম অৱস্থাত ফুটবল অপেছাদাৰী খেল
হৈ থাকিলেও ঊনবিংশ-বিংশ
শতিকাৰ সন্ধিক্ষণত ফুটবলত
পেছাদাৰী ৰীতি প্ৰৱর্তিত হয় ।
ইংলেণ্ডৰ নর্দার্ণ ইউনিয়নেই
প্ৰথমে ফুটবলত পেছাদাৰী প্ৰথাক
স্বীকৃতি দিয়ে । ইয়াৰ পাচত বিশ্বৰ
আন দেশতো ফুটবল সংস্থাবোৰ
স্থাপিত হয় । ১৯০৪ চনত আন্তর্জাতিক
ফুটবল সংস্থা 'ফিফা' ( FIFA হ'ল
ফৰাচী ভাষাৰ 'Federation Internationale
de Football Association' ৰ সংক্ষিপ্ত ৰূপ ।
ইংৰাজীৰ ভাষাৰ এই সংস্থাটোৰ
নাম হ'ল 'The International Federation of
Association Football' ) প্ৰতিষ্ঠা কৰা হয় ।
বর্তমান ফিফাই বিশ্বৰ দুই বৃহত্ ফুটবল
প্ৰতিযোগিতা বিশ্বকাপ ফুটবল আৰু
অলিম্পিক ফুটবল নিয়ন্ত্ৰণ কৰে ।
কিছুমান দেশত ফুটবলক ছ'কাৰ (Soccer)
বুলিও কোৱা হয় ।
• বিশ্বকাপ ফুটবলঃ
বর্তমান বিশ্বৰ প্ৰায়বোৰ দেশত ফুটবল
খেলৰ প্ৰচলন হৈছে । সেয়ে বিশ্বত
ইয়ে আটাইতকৈ জনপ্ৰিয় খেলৰ স্থান
লাভ কৰিছে । বিশ্বকাপ ফুটবলেই হ'ল
ফুটবল খেলৰ সর্বশ্ৰেষ্ঠ
প্ৰতিযোগিতা ।
বিশ্বৰ সর্বকালৰ সর্বশ্ৰেষ্ঠ ফুটবল সংগঠক
ফৰাচী দেশৰ জুলেৰিমে নামৰ লোক
এজনে ইং ১৯৩০ চনত
আগবঢ়োৱা এটা সোণৰ কাপৰ
জৰিয়তে সেই বছৰৰ পৰাই বিশ্বকাপ
ফুটবল প্ৰতিযোগিতাৰ সূচনা হৈছে ।
বিশ্বকাপ ফুটবল
পৰিচালনা সংস্থা FIFA ই আয়োজন
কৰা এই প্ৰতিযোগিতাত
দিয়া ট্ৰফীটোৰ নাম আছিল
'জুলে ৰিমে কাপ' ।
পাচে ব্ৰাজিলে তিনিবাৰ (১৯৫৮,
১৯৬২ আৰু ১৯৭০ চনত) এই
প্ৰতিযোগিতাত জয়লাভ
কৰি চিৰদিনৰ বাবে ১৯৭০ চনত
জুলে ৰিমে কাপটো হস্তগত কৰাত
'ফিফা বিশ্বকাপ' নামেৰে আন
এটা ট্ৰফী প্ৰচলন কৰা হয় । বর্তমান সেই
কাপটোকে কেন্দ্ৰ কৰি বিশ্বকাপ
ফুটবল প্ৰতিযোগিতা চলি আছে ।
বিশ্বকাপৰ
যোগ্যতা অর্জনকাৰী খেলসমূহত
বিভিন্ন অঞ্চল ভিত্তিত শতাধিক
দেশে ভাগ ল'লেও মূল
প্ৰতিযোগিতাত কেৱল ৩২ খন
দেশেহে অংশগ্ৰহণ কৰিব পাৰে ।
এতিয়ালৈকে ইউৰোপ আৰু লেটিন
আমেৰিকাৰ দেশসমূহে এই
প্ৰতিযোগিতাত প্ৰাধান্য বিস্তাৰ
কৰি আহিছে । ২০১০ চনত দক্ষিণ
আফ্ৰিকাত অনুষ্ঠিত বিশ্বকাপ ফুটবল
প্ৰতিযোগিতাত নেদাৰলেণ্ডক
হৰূৱাই স্পেইনে বিশ্বকাপ অর্জন কৰে ।
• বিশ্বকাপ ফুটবল___ কেতিয়া, ক'ত আৰু
কোন বিজয়ী হৈছিল ।
>>> চন - স্থান - বিজয়ী <<<
• ১৯৩০ - উৰূগুৱে - উৰূগুৱে ।
• ১৯৩৪ - ইটালী - ইটালী ।
• ১৯৩৮ - ফ্ৰান্স - ইটালী ।
• ১৯৫০ - ব্ৰাজিল - উৰূগুৱে ।
• ১৯৫৪ - ছুইজাৰলেণ্ড - পশ্চিম
জার্মানী ।
• ১৯৫৮ - ছুইডেন - ব্ৰাজিল ।
• ১৯৬২ - চিলি - ব্ৰাজিল ।
• ১৯৬৬ - ইংলেণ্ড - ইংলেণ্ড ।
• ১৯৭০ - মেক্সিকো - ব্ৰাজিল ।
• ১৯৭৪ - পশ্চিম জার্মানী - পশ্চিম
জার্মানী ।
• ১৯৭৮ - আর্জেণ্টিনা -
আর্জেণ্টিনা ।
• ১৯৮২ - স্পেইন - ইটালী ।
• ১৯৮৬ - মেক্সিকো - আর্জেণ্টিনা ।
• ১৯৯০ - ইটালী - পশ্চিম জার্মানী ।
• ১৯৯৪ - আমেৰিকা - ব্ৰাজিল ।
• ১৯৯৮ - ফ্ৰান্স - ফ্ৰান্স ।
• ২০০২ - জাপান, কোৰিয়া - ব্ৰাজিল
।
• ২০০৬ - জার্মানী - ইটালী ।
• ২০১০ - দক্ষিণ আফ্ৰিকা - স্পেইন ।
• ২০১৪ - ব্ৰাজিল - ......... ।
Comments
Post a Comment