গৰুৰ বিষয়ে ৰচনা...
গৰুৰ বিষয়ে ৰচনা...
গৰু এবিধ ডাঙৰ জন্তু৷ ইয়াক
চাৰিঠেঙীয়া জন্তু বোলে ৷
সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে৷
আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ
ঠেং৷ ইয়াৰ দুটা চকু, দুখন কাণ,
দুটা ফুটা থকা এটা নাক, আৰু এডাল
নেজ৷ ইয়াৰ নেজডাল বৰ দীঘল আৰু
ধুনীয়া, মাইকী মানুহৰ বেণীডালৰ
নিচিনা৷ মতা আৰু মাইকী দুয়োবিধ
গৰুৰে নেজ থাকে৷ মাইকী গৰুৰ নেজ
বিলাকত চুলি বেছি থাকে৷
ই ঘৰচীয়া যদিও ই ঘৰত নাথাকে,
গোহালিতহে থাকে৷ কিছুমান গৰুৰ
শিং থাকে, কিছুমানৰ নাথাকে,
কাৰণ সিহঁতে লাও খায়৷
সেইবাবে সিহঁতক লাওখোৱা গৰু
বুলিও কয়৷ জাতিলাও, ৰঙালাও,
পানীলাও আদি বহুতো প্ৰকাৰৰ
লাওখোৱা গৰু আছে৷
সাধাৰণতে গৰুৱে ঘাঁহ খায়৷
নহলে যি পায় তাকে খায়৷
বিহাৰী গৰুৱে চাধাও খায়৷
আজিকালি গৰুৱে প্লাষ্টিকৰ
পেকেটো খায়৷ সেইবিলাক গৰুৰ
গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায়৷
যেনে: পূৰবী, আমূল, সৰস ইত্যাদি৷
সেইবিলাক দোকানতো পোৱা যায়৷
নেমুটেঙা বেছিকৈ খোৱা গৰুৰ
গাখীৰ ফাটে৷ কিছুমান
গৰুৱে দৈ গাখীৰ দিয়ে,
কিছুমানে ক্ৰিম দিয়ে আৰু
বেছি ঠাণ্ডা ঠাইৰ গৰুৱে মাখন
দিয়ে৷ মৰুভূমি আদি অতি শুকান
ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে৷
গৰুয়ে হাঁহিলে বৰ
ধুনীয়া দেখি কাৰণ ইয়াৰ দাঁত
এপাৰি৷ গৰুৱে সকলো কাম শ্লো-
মোচনত কৰে৷ এবাৰত ঘাঁহ চোবাবই
নোৱাৰে৷ এবাৰ খোৱাৰ পাছত
আকৌ বমি কৰি সেইবিলাক পাছত
দুঘন্টামান চোবাই চোবাই থাকে৷
তাকে পাগুলা বুলি কয়৷ কাম
নাথাকিলে গৰুৱে তেনেকৈ টাইম
পাছ কৰে৷ মানুহেও গৰুৰ
নিচিনাকৈ টাইম পাছ
কৰিবলৈ চুইং গাম আবিষ্কাৰ
কৰিছে৷
যেনে: হেপি ডেন্ট, চেন্টাৰ
ফ্ৰেচ , বাবুল গাম ইত্যাদি৷
বাবুল গামত ডাবুল টাইম পাছ হয়৷
কিছুমান গৰু ৰাস্তাত থিয়
দি থাকে৷ সিহঁতক স্পিড ব্ৰেকাৰ
গৰু বোলা হয়৷ সিহঁত মানুহৰ
নিচিনাই৷ হৰ্ণ শুনিলেও
ৰাস্তা এৰি নিদিয়ে৷ যেন
ৰাস্তাটো সিহঁতৰ শহুৰেকৰ হে৷
শাক-পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰু
বিলাকে দোকানে-
দোকানে চান্দা উঠাই
ফুৰে কাৰণে সিহঁতক চিণ্ডিকেট
গৰু বোলা হয়৷
গৰু বৰ উপকাৰী৷
কেতিয়াবাহে খং উঠিলে খোঁচে৷
গৰুৱে হাল বাব জানে,
গৰুগাড়ী চলাবও জানে৷ আৰু বহুত
কাম কৰিব জানে৷
গৰুৱে হাগিলে যি পদাৰ্থ ওলায়,
তাকে গোৱৰ বোলে৷ ই দেখাত
সেউজীয়া ৰঙৰ৷ খুব পনীয়া গোবৰ
ওলালে চেৰেলিউৱা বুলি কোৱা হয়৷
আন্ধাৰত গোৱৰ গচকিলে বৰ
খং উঠে৷
Comments
Post a Comment